প্ৰবোধ, প্ৰবীণ আৰু প্ৰজ্ঞাৰ জ্ঞানেৰে আপুনি নিজক সমৃদ্ধ কৰক
মাদকতাভৰা এক শিক্ষণ অভিজ্ঞতা
অন্যান্য ভাৰতীয় ভাষাৰ সহায়েৰে হিন্দী ভাষা শিকিবলৈ ইযাত ক্লিক কৰক
ভাষা শিকা / প্ৰশিক্ষণ দিয়া, আৰু শিক্ষাকে ধৰি আমাৰ জীৱনৰ
প্ৰায় সকলো ক্ষেত্ৰকে কম্পিউটাৰ প্ৰযুক্তিবিদ্যাই সমৃদ্ধ কৰি তুলিছে | কম্পিউটাৰৰ
আৰ্টিফিছিয়েল ইন্টেলিজেন্স ( কৃত্ৰিম বুদ্ধিমত্তা ) আৰু মাল্টিমিড়িয়া টেকনলজিৰ নৱতম
বিকাশৰ লগে লগে অডিঅ, ভিডিঅ, ভিডিঅ-ছাপৰ্ট ব্যৱহাৰ কৰা ডাইনেমিক আৰু ইন্টাৰেক্টিভ টিউটৰিং
ছিষ্টেম বনোৱা সম্ভৱ হৈ উঠিছে | বৰ্তমানৰ লীলা (LILA)
- লাৰ্নিং ইন্ড়িয়ান
লেংগুৱেজেজ
থ্ৰ আৰ্টিফিচিয়েল
ইন্টেলিজেন্স ) হিন্দী প্ৰবোধ,
প্ৰবীণ আৰু প্ৰজ্ঞা পেকেজকেইটাই অসমীয়া,
বাংলা, কানাড়া, মালায়ালম, মণিপুৰী, মাৰাঠী, তামিল আৰু তেলেগু ভাষাৰ মাধ্যমেৰে ৰ্ৱল্ড
ৱাইড ৱেবত হিন্দী ভাষা শিকাৰ বাবে ব্যৱহাৰকৰ্তাই
সহজেই ব্যৱহাৰ কৰিব পৰাকৈ এক প্ৰভাৱশালী সঁজুলি প্ৰদান কৰিছে |
এই পেকেজকেইটা শিক্ষাৰ্থীসকলে অকলশৰীযাকৈ নাইবা সমূহীয়াভাৱে ব্যৱহাৰ কৰিব পাৰে | যদিওবা,
সেইকেইটা শিক্ষক এজনৰ বিকল্প হব নোৱাৰে | পাঠবোৰ অধিক আকৰ্ষণীয কৰিবলৈ, দৈনন্দিন ৰুটিনৰ
পৰা বাহিৰ ওলাবলৈ শিক্ষকসকলেও এই পেকেজকোইটা ব্যৱহাৰ কৰিব পাৰে, যিযে তেখেতক শিক্ষাৰ্থীসকলৰ
প্ৰধান অসুবিধাবোৰৰ বিষয়ে কবলৈ সুবিধা দিব |
এই পাঠ্যক্ৰম ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালযৰ চৰকাৰী ভাষা বিভাগৰ দ্বাৰা শ্ৰেণী কক্ষ শিক্ষণ
আৰু দূৰ পাঠ্যক্ৰমৰ শিক্ষাত ইতিমধ্যে ব্যৱহূত হৈ থকা হিন্দী প্ৰবোধ, হিন্দী প্ৰবীণ
আৰু হিন্দী প্ৰজ্ঞা ছিলেবাছৰ ওপৰত আধাৰিত |
লীলা হিন্দী প্ৰবোধ
লীলা হিন্দী প্ৰবোধত হিন্দী ভাষাৰ প্ৰাথমিক জ্ঞান প্ৰদান
কৰিবলৈ বিচৰা হৈছে | চৰকাৰী ভাষাত এগৰাকী ব্যক্তিযে তেওঁৰ দৈনন্দিন কাম সম্পাদন কৰিব
পৰাকৈ সক্ষম কৰি তুলিবৰ কাৰণে এইটো হৈছে প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰম | এই পেকেজটোত বৰ্ণমালা,
শব্দাৱলী, পাঠ (51 টা গোট ), আৰু অভিধান বিভাগ আছে |
1. বৰ্ণমালা বিভাগ
1. সাধাৰণ শব্দাৱলী ( চিত্ৰয়ুক্ত )
2. কাৰ্যালয়ৰ নাম
3. পদবী
4. মন্ত্ৰালয়ৰ নাম
1. শব্দৰ অৰ্থ
2. অনুশীলন 1
3. অনুশীলন 2
4. অনুশীলন 3
5. অনুশীলন 4
6. সানমিহলি আখৰ
1. উদ্দেশ্য় অংশ
2. গাঁথনিক আলোকক অংশ
3. বৰ্ণনা অংশ
4. নতুন শব্দাৱলী অংশ
5. শব্দ পৰিযাল অংশ
6. ব্যায়কৰণ অংশ
7. অভ্যাস অংশ
8. অনুশীলন অংশ, আৰু
9. বাছনী অংশ
টোকা: পেকেজটোৰ যিকোনো অংশতে মাউচটো ৰাখি মাউচত সোঁফালে ক্লিক কৰোঁতে পোৱা ছৰ্ট কাট মেনু নাইবা নেভিগেশ্যন মেনু আপুনি ব্যৱহাৰ কৰিব পাৰে | বিতং তথ্যৰ বাবে F1 প্ৰেছ কৰক - সহায়তা উইন্ডখন প্ৰদৰ্শন কৰা হ'ব | যত আপোনাৰ সহায়তাৰ প্ৰযোজন হয, সেই শ্ৰেণীটো বাছনী কৰক |
4. অভিধান বিভাগ
টোকা: এইখন এখন সীমিত ( মননশীল ) অভিধান |
লীলা হিন্দী প্ৰবীণ
লীলা হিন্দী প্ৰবীণ হৈছে চৰকাৰী আৰু কৰ্পৰেট কৰ্মচাৰীসকলৰ
বাবে বিশেষভাৱে নিৰ্মাণ কৰা পূৰ্ণ দৈৰ্ঘৰ দ্বিতীয স্তৰৰ হিন্দী পাঠ্যক্ৰম | লীলা হিন্দী
প্ৰবোধ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত উচ্চস্তৰীয় হিন্দী শিকাৰ বাবে ই প্ৰয়োজনীয | ইয়াৰ
উদ্দেশ্য হৈছে দৈনন্দিন পৰিস্হিতিত ভাৱ বিনিময় কৰাৰ বাবে প্ৰযোজনীয় হিন্দী ভাষাৰ
জ্ঞান আহৰণ কৰাত আপোনাক সহায় কৰা আৰু লিখিত হিন্দী আৰু ইয়াৰ মূল ব্যৱহাৰিক ব্যাকৰণৰ
এটা সুদৃঢ় ভেটি বনাবলৈ আপোনাক সক্ষম কৰি তোলা |
প্ৰবীণ পেকেজত 27 টা পাঠ আৰু চাৰিটা পুনৰীক্ষণ পাঠ আৰু অভিধান আছে |
1. পাঠ বিভাগ
টোকা: এইখন এখন সীমিত ( মননশীল ) অভিধান |
লীলা হিন্দী প্ৰজ্ঞা
টিপ্পনী / টোকা, কাৰ্য়ালযৰ আদেশ, স্মাৰক-পত্ৰ, আবেদন পত্ৰ,
প্ৰচাৰ পত্ৰ, অধিসূচনা, ৰিপৰ্ট, মিনিটছ, কাৰ্যবিৱৰণী, ফৰ্মাচ, স্মাৰক, প্ৰেছ বিজ্ঞপ্তি,
ইত্যাদি সংযুক্ত চৰকাৰৰ সৈতে সম্বন্ধ থকা চৰকাৰী যোগাযোগৰ বিভিন্ন খচৰা বা টোকা প্ৰস্তুত
কৰাত শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ বিকাশ ঘটোৱাত সহায় কৰিবলৈ লীলা হিন্দী প্ৰজ্ঞাক বিশেষভাৱে
তৈয়াৰ কৰা হৈছে | হিন্দী ভাষাৰ পাৰিভাষিক শব্দাৱলী আৰু প্ৰকাশভংগী সঠিকভাৱে প্ৰয়োগ
কৰাত শিক্ষাৰ্থীৰ দক্ষতাও ই বৃদ্ধি কৰে | চৰকাৰী কাৰ্যালয়ৰ গাঁথনি, বিভিন্ন কাৰ্যালয়ৰ
কাৰ্যাৱলী আৰু কাৰ্যপ্ৰণালী, চৰকাৰী ফাইল পদ্ধতি, কৰ্মৰ আৰ্হি, বিভাগ আৰু খণ্ডবোৰৰ
মাজত কামৰ বিতৰণ, আৰু এই কাৰ্যালয়বোৰত ব্যৱহূত বিভিন্ন ধৰণৰ যোগাযোগ, আবেদন পত্ৰ,
আৰ্হি-পত্ৰৰ বিষয়ে শিক্ষাৰ্থীক প্ৰাসংগিক তথ্য দিবলৈ এই পাঠ্যক্ৰমত ব্যৱহূত পাঠ্যাংশ
আৰু বৰ্ণনা অংশ বিশেষভাৱে বনোৱা হৈছে |
সংয়ুক্ত চৰকাৰৰ আৰু অৰ্ধ চৰকাৰী কাৰ্যালয়বোৰৰ, চৰকাৰৰ ওচৰত দায়বদ্ধ ৰাজহুৱা খণ্ডবোৰৰ,
নিগম আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ যিসকল কৰ্মচাৰীক হিন্দী ভাষাৰ ব্যৱহাৰিক জ্ঞান আয়ত্ব
কৰাৰ প্ৰযোজন হয়, সেই কৰ্মচাৰীসকলৰ বাবে প্ৰধানকৈ এই পেকেজটো বনোৱা হৈছে |
প্ৰজ্ঞা পেকেজটো ব্যৱহাৰ কৰাৰ বাবে পূৰ্বপ্ৰযোজনটো হৈছে যে ব্যৱহাৰকৰ্তাজনে হিন্দী
প্ৰবীণ পেকেজটোত উত্তীৰ্ণ হ'ব লাগিব নাইবা ব্যৱহাৰকৰ্তাজনৰ কথিত আৰু লিখিত হিন্দী ভাষাৰ
জ্ঞান প্ৰবীণ পেকেজৰ প্ৰায সমপৰ্যায়ৰ হ'ব লাগিব | তদুপৰি, চৰকাৰী আবেদন পত্ৰ, প্ৰকাশভংগী,
পাৰিভাষিক শব্দাৱলী ইত্যাদিৰ সঠিক ব্যৱহাৰিক জ্ঞানৰ অভাৱৰ বাবে যিসকল হিন্দীভাষী লোকে
চৰকাৰী কাৰ্যালয়ৰ কাম সম্পাদন কৰাৰ বাবে নিজকে সক্ষম বুলি নাভাবে, তেওঁলোকেও এই পেকেজটো
ব্যৱহাৰ কৰিব পাৰে |
প্ৰজ্ঞা পাঠ্যক্ৰমৰ গাঁথনি |
প্ৰজ্ঞা পাঠ্যক্ৰমত 31 টা পাঠ আছে আৰু ইযাক চাৰিটা অংশত বিভক্ত কৰা হৈছে :-
1. ভাষা-আধাৰিত পুনৰীক্ষণ পাঠ (1-6)
2. যোগাযোগৰ পত্ৰৰ খচৰা ( 7-18)
3. হিন্দী টোকা / টিপ্পনী (19-21), আৰু
4. গোটৰ পৰীক্ষা ( 1-10)
টোকা: এইখন এখন সীমিত ( মননশীল ) অভিধান |
আমি আশা কৰিছো যে চৰকাৰী কৰ্মচাৰীসকলে, সাধাৰণ শিক্ষাৰ্থীসকলে,
আৰু শিক্ষকসকলে এই পেকেজকেইটা প্ৰয়োজনীয, ৰোমাঞ্চকৰ বুলি অনুভৱ কৰিব আৰু সহজেই ব্যৱহাৰ
কৰিব পাৰিব | আপোনাৰ
মতামত আৰু বহুমূলীযা পৰামৰ্শক আমি আদৰণি জনাম |
অন্যান্য ভাৰতীয় ভাষাৰ সহায়েৰে হিন্দী ভাষা শিকিবলৈ ইযাত ক্লিক কৰক